Disable Person

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা উপস্থিত হ’ল এগৰাকী বিশেষ অনুৰাগীৰ ঘৰত। বাক্সা জিলাৰ সষ্টৰ গাঁৱৰ নৱপ্ৰজন্মৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কবি ধ্ৰুৱজ্যোতি দাসৰ কাষত উপস্থিত হ’ল কণ্ঠশিল্পী দ্বীপলিনা। কপিল দাস আৰু চম্পা দাসৰ একমাত্ৰ পুত্ৰ সন্তান ২৩ বছৰীয়া ধ্ৰুৱজ্যোতি দাস দিব্যাংগ যদিও কবিতাৰ মাজেৰে ধ্ৰুৱজ্যোতিয়ে অনুপ্ৰাণিত কৰি আহিছে কবিতা প্ৰেমীসকলক। কণ্ঠশিল্পী দ্বীপলিনাৰ লগত ধ্ৰুৱজ্যোতিয়ে ফোন আৰু মেছেজৰ জৰিয়তে প্ৰায়ে যোগাযোগ ৰাখি আছিল আৰু অৱশেষত কণ্ঠশিল্পী দ্বীপলিনাই তেওঁৰ প্রিয় অনুৰাগীৰ ঘৰলৈ আহি সাক্ষাৎ কৰিলে ।