Srimanta Shankaradeva Kalakshetro

১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে দিয়া পৰামৰ্শ মতে অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে আৰু নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হৈছিল। ইয়াৰ বাবে সেই বছৰতেই পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি সাংস্কৃতিক প্ৰকল্পটোৰ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামকৰণ কৰা হয়। ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক প্ৰকল্পৰ সজ্জা ৰূপ