Paratha GST

আপুনিও পৰঠা খায় ভাল পায় নেকি? যদি ভাল পায় তেন্তে আপোনাৰ বাবে আছে এটা দুখবৰ। এতিয়াৰে পৰা পৰঠা খালে আপুনি ভৰিব লাগিব ১৮ শতাংশ GST। দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা মুল্যবৃদ্ধিৰ মাজতে আকৌ এবাৰ জনসাধাৰণৰ মূৰত মাধমাৰ শোধায় চৰকাৰে। পৰঠাত ১৮ শতাংশ GST আৰোপ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে জনসাধাৰণৰ মাজত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ।