uttarakhand bus accident

মংগল বাৰৰ দিনটোতে অমানিশা নামি আহিল উত্তৰাখণ্ডলৈ। উত্তৰাখণ্ডৰ পাউৰী গড়ৱালত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। চিমদি গাঁৱৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত পতিত হয় এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাহন। উত্তৰাখণ্ডৰ পাউৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ বাছখন কেইবাশ মিটাৰ তলৰ এটা খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় ২৫ গৰাকীকৈ যাত্ৰী। আনহাতে বৰ্তমানলৈকে নিহতৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পায়। বাছখনৰ ভিতৰত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল। নিশা আৰক্ষী, SDRF আৰু স্থানীয় লোকে চলোৱা অভিযানত প্ৰায় ২১ জন যাত্ৰীক উদ্ধাৰ কৰা হয়। আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।