tinisukia pig disease

গাহৰি খোৱা সকল সাৱধান! গাহৰি খালে আপুনিও আক্রান্ত হব পাৰে "আৰ্ফিকান ছোৱাইন ফিভাৰ"ত। এটি পৰিয়ালৰ সপোনত চেঁচা পানী পৰিল। দিম্পী সোণোৱাল নামৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে কলেজিয়া শিক্ষা সমাপ্ত কৰি চাকৰিৰ আশা নকৰি স্কলাৰস্বিপৰ টকা আৰু পৰিয়ালৰ সহযোগত ঘৰতে উন্নত জাতৰ গাহৰি পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছিল।  কিন্তু দুৰ্ভ্যাগবশত যোৱা ১৫ দিনৰ পূৰ্বে মাতৃ পোৱালী সহ প্রায় ২৫ৰো অধিক গাহৰি মৃত্যু মুখত পৰিছে। পিছত দিম্পীৰ  পৰিয়ালে পশু চিকিৎসকৰ সহায় বিচাৰে।