Mid-Day Meal

আজি গোলাঘাটৰ ২ নং বেঙেনা খোৱা এল পি বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছত কমেও ৯জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে বুলি এক সূত্ৰই জানিবলৈ দিছে।

সকলো অসুস্থ শিক্ষাৰ্থীক উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ স্বাহিদ কুশল কোঁৱৰ গৃহ চিকিৎসালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে চাউল আৰু কণীৰ আঞ্জা মধ্যাহ্ন ভোজনত পৰিৱেশন কৰা হৈছিল।

৯জন শিক্ষাৰ্থীয়ে বমি আৰু পেটৰ বিষৰ অভিযোগ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে।