Journalist died

অসমৰ এটা চেটেলাইট চেনেলৰ লখিমপুৰ বিহপুৰীয়াৰ সংবাদদাতা আছিল সুব্ৰত কাকতি। আজি পুৱা গুৱাহাটীত মৃত্যুক আকোৱালি লয় সুব্ৰতয়ে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ১৩ নৱেম্বৰত লখিমপুৰৰ হাৰমতিত ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাত সংবাদ সংগ্ৰহ কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল সুব্ৰত।

তেখেতক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু প্ৰাথমিক চিকিৎসাৰ অন্ততঃ এম্বুলেন্স যোগে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।