Box Office Collection

১৩ মে’ত অসমৰ ছবিগৃহত মুক্তি পোৱা “লোকেল উৎপাত” চলচ্চিত্ৰখনৰ প্ৰতি অসমৰ দৰ্শকৰ সঁহাৰি সন্তোষজনক। ইয়াৰ প্ৰভাৱ পৰা দেখা গ’ল বক্স অফিচ কালেকচনত। অসমৰ ৩৫টা ছবি গৃহত মুক্তি পোৱা চলচ্চিত্ৰখনৰ বক্স অফিচ কালেকচনে ১ কোটিৰ ঘৰ স্পৰ্শ কৰে।

প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বেও ”লোকেল কুংফু”ৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে ৰাইজৰ সহাৰিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।