Pintu Sharma

উত্তপ্ত তিনিচুকীয়া। সতীৰ্থৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল একাংশ। পিণ্টু শৰ্মাৰ ন্যায় বিচাৰি তিনিচুকীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত বহিল সদৌ অসম গাড়ী চালক সন্থা।

ঘটনা ১২ মে’ তাৰিখ, বৃহস্পতিবাৰৰ। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল পিণ্টু শৰ্মা নামৰ চালকজন। ১২ তাৰিখে নিশা প্ৰায় ১০ বজাত কামৰ পৰা ঘৰলৈ উভতাৰ পথতেই কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে পেটত প্ৰহাৰ কৰি হত্যা কৰে পিণ্টুক।