মঙলবাৰে কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত হোৱা বিস্ফোৰণে সমগ্ৰ দেশখনকে জোকাৰি গৈছে।
পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰাৰম্ভিক বাতৰি অনুসৰি, দেশৰ সৰ্ববৃহৎ চহৰ কৰাচীত সংঘটিত এই ঘটনাত কেইবাজনো লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।
বৰ্তমান গাড়ী বিস্ফোৰণ যেন লাগিছে যদিও তাত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰকাৰী সূত্ৰৰ উদ্ধৃতি দি জিঅ'টিভিয়ে জনোৱা অনুসৰি কমেও ৪ জন লোকৰ মৃত্যু হৈছে আৰু কেইবাজনো লোক আহত হৈছে।