Shiv Subramaniam

অভিনয় জগতৰ বাবে এক দুখবৰ। বলীউডৰ বিখ্যাত অভিনেতা আৰু চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু। অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগত উঠিছে শোকৰ ঢৌ। আজি ১১ এপ্ৰিল তাৰিখে পুৱতি নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ। মুম্বাইৰ বাসগৃহত মৃত্যু হয় তেখেতৰ। শিৱ কুমাৰৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

১৯৮৯ চনত পৰিন্দাৰ সৈতে লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেতাজনে কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানত অভিনয় কৰিবলৈ গৈছিল। পৰিন্দাত জেকি শ্ৰফ, অনিল কাপুৰ, মাধুৰী দীক্ষিত, নানা পাটেকাৰ আৰু অনুপম খেৰৰ সৈতে অভিনয় কৰিছিল আৰু বিধু বিনোদ চোপ্ৰাই পৰিচালনা কৰিছিল।