বলীউড অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ দেহাৱসান!

Bollywood Actor Shiv Subramaniyam

অভিনয় জগতৰ বাবে এক দুখবৰ। বলীউডৰ বিখ্যাত অভিনেতা আৰু চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু। অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগত উঠিছে শোকৰ ঢৌ। আজি ১১ এপ্ৰিল তাৰিখে পুৱতি নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ। মুম্বাইৰ বাসগৃহত মৃত্যু হয় তেখেতৰ। শিৱ কুমাৰৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

১৯৮৯ চনত পৰিন্দাৰ সৈতে লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেতাজনে কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানত অভিনয় কৰিবলৈ গৈছিল। পৰিন্দাত জেকি শ্ৰফ, অনিল কাপুৰ, মাধুৰী দীক্ষিত, নানা পাটেকাৰ আৰু অনুপম খেৰৰ সৈতে অভিনয় কৰিছিল আৰু বিধু বিনোদ চোপ্ৰাই পৰিচালনা কৰিছিল।

ভাৰতীয় চিনেমা জগত আৰু বহুকেইখন ধাৰাবহিকত কাম কৰা অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। বহু কেইখন চিনেমাত পিতৃৰ অভিনয়েৰে নিজৰ অভিনয় দক্ষতাৰ পৰিচয় দিছিল শিৱ কুমাৰ সুব্ৰমণিয়ামে। শিৱ কুমাৰ সুব্ৰমনিয়ামক শেষবাৰৰ বাবে যোৱা বছৰৰ ছবি 'মীনাক্ষী সুন্দৰেশ্বৰ'ত দেখা গৈছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সান্যা মালহোত্ৰাই। 

শিৱ সুব্ৰমনিয়ামে মূল কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰা ৰাজনৈতিক নাটক হাজৰন খোৱাইছেইন আইচিয়ে যথেষ্ট সমালোচনা অৰ্জন কৰে আৰু ছয় মাহত ১২ খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়।

শিৱই কালাৰ্ছ টিভিৰ ধাৰাবাহিক মুক্তি বন্ধনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, য'ত তেওঁক ব্যৱসায়ী আই এম বিৰাণী হিচাপে দেখা গৈছিল। মীনাক্ষী সুন্দৰেশ্বৰ আৰু নেইল পলিছ তেওঁৰ দুটা শেহতীয়া চৰিত্ৰ আছিল। তেওঁৰ আন কেইখনমান চলচ্চিত্ৰৰ ভিতৰত আছে ৰকি হেণ্ডচম, উংলি, কামিনে, ১৯৪২: এ লাভ ষ্টৰী, আৰু ২ ষ্টেটছ।

উল্লেখ্য যে মাত্ৰ দুমাহ পূৰ্বে শিৱ কুমাৰ সুব্ৰমণিয়ামৰ ১৬ বছৰীয়া পুত্ৰৰ মৃত্যু হৈছিল। ব্ৰেইন টিউমাৰ হৈছিল পুত্ৰৰ। সোমবাৰে পুৱা ১১ বজাত মোক্ষধাম হিন্দু শ্মশানত সুব্ৰমনিয়ামৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।

Category