ভণ্ড প্ৰেমিকৰ নিৰ্লজ কাণ্ড, প্ৰেমিকাৰ অশ্লীল ফটোৰ পোষ্টাৰ বনাই লগাই দিলে বজাৰৰ মাজত।
দক্ষিণ কামৰূপৰ কালাতলী পথাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ ৰাজহুৱা স্থানত প্ৰেমিকাৰ অশ্লীল ফটো ব্যৱহাৰ কৰি পোষ্টাৰ লগাই সন্মান হানিৰ চেষ্টা ভণ্ড প্ৰেমিকৰ ৷ দেৱাল, বিদ্যালয় চৌহদ আদিত লগাই দিলে সেই অশ্লীল পোষ্টাৰ সমূহ।
সোণতলীৰ বদলা পথাৰ গাঁৱৰ ছেকান আলী নামৰ যুৱকে কালাতলী পথাৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে আছিল একপক্ষীয় প্ৰেম ৷
যুৱতী গৰাকীয়ে বাৰে বাৰে যুৱকজনৰ প্ৰেম প্ৰত্যাখান কৰাত অতি চৰমসীমা অতিক্ৰম কৰি যুৱকজনে সংঘটিত কৰিলে নিৰ্লজ কাণ্ড ৷