ভণ্ড প্ৰেমিক! প্ৰেমিকাৰ অশ্লীল ফটো পোষ্টাৰ বনাই লগাই দিলে বজাৰৰ মাজত

Culprit

ভণ্ড প্ৰেমিকৰ নিৰ্লজ কাণ্ড, প্ৰেমিকাৰ অশ্লীল ফটোৰ পোষ্টাৰ বনাই লগাই দিলে বজাৰৰ মাজত।

দক্ষিণ কামৰূপৰ কালাতলী পথাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ ৰাজহুৱা স্থানত প্ৰেমিকাৰ অশ্লীল ফটো ব্যৱহাৰ কৰি পোষ্টাৰ লগাই সন্মান হানিৰ চেষ্টা ভণ্ড প্ৰেমিকৰ ৷ দেৱাল, বিদ্যালয় চৌহদ আদিত লগাই দিলে সেই অশ্লীল পোষ্টাৰ সমূহ।

সোণতলীৰ বদলা পথাৰ গাঁৱৰ ছেকান আলী নামৰ যুৱকে কালাতলী পথাৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে আছিল একপক্ষীয় প্ৰেম ৷

যুৱতী গৰাকীয়ে বাৰে বাৰে যুৱকজনৰ প্ৰেম প্ৰত্যাখান কৰাত অতি চৰমসীমা অতিক্ৰম কৰি যুৱকজনে সংঘটিত কৰিলে নিৰ্লজ কাণ্ড ৷

যুৱতী গৰাকীৰ অশ্লীল ফটো, মবাইল নম্বৰ সম্বলিত জাননী প্ৰস্তুত কৰি যুৱকজনৰ সৈতে অহা চাৰিজনকৈ যুৱকে ছাত্ৰী গৰাকীৰ ঘৰৰ ওচৰৰ বজাৰ এলেকাত পোষ্টাৰ আৰি যুৱতী গৰাকীৰ সন্মান হানি কৰে ৷

poster

ঘটনা সংক্ৰান্তত যুৱতীগৰাকী়য়ে জোৰশিমুলী আৰক্ষী চকীত ছয়জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিলৰ পাছকে ঘটনাৰ মুল অভিযুক্ত তথা ভণ্ড প্ৰেমিক ছেকান আলীক আটক কৰে জোৰশিমুলী আৰক্ষীয়ে ৷ আনহাতে এই ঘটনাৰ সৈতে জড়িত থকা অন্য ৫জনকৈ লোক পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

Category