পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি। চৰকাৰী তেল কোম্পানীসমূহে ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে। কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে তেল কোম্পানীসমূহে।
যোৱা মাহত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকা বৃদ্ধি হোৱাৰ পাছত এয়া হৈছে তৃতীয় সৰ্বাধিক বৃদ্ধি, প্ৰতি চিলিণ্ডাৰৰ ব্যয় ২,০০০৩ লৈ বৃদ্ধি হৈছে। কলকাতাত, ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২,৩৫১টকা হ’ব। মুম্বাই আৰু চেন্নাইত, মূল্য ক্ৰমান্বয়ে ২,২০৫ আৰু ২,৪০৬ টকা হ’ব।