Bambi Bucket

ৰাজস্থানৰ সৰিস্কা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত সংঘটিত এক ভয়ংকৰ জুইৰ ফলত বনাঞ্চলৰ মুঠ ৫ ৰ পৰা ৭ বৰ্গ কিলোমিটাৰ জুই লগাৰ কথা বন বিষয়াই জনায়।

জানিব পৰা মতে, ৰাতিপুৱাৰে পৰা জুই নুমুৱাবলৈ চেষ্টা চলি আছে। সোমবাৰে সন্ধিয়া জুইৰ সূত্ৰপাত হৈছিল। ১৫০-২০০ জন লোক আৰু ২ খন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰে জুই নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰি বনজুই নুমুৱাবলৈ চেষ্টা চলাই আছে।

ভাৰতীয় বায়ু সেনাই আইএএফ হেলিকপ্টাৰৰ পৰা জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ এটা ভিডিঅ' নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে।