BREAKING: ৰাজস্থানৰ সৰিস্কা টাইগাৰ ৰিজাৰ্ভত ভয়ংকৰ অগ্নিকাণ্ড!

Massive Fire

ৰাজস্থানৰ সৰিস্কা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত সংঘটিত এক ভয়ংকৰ জুইৰ ফলত বনাঞ্চলৰ মুঠ ৫ ৰ পৰা ৭ বৰ্গ কিলোমিটাৰ জুই লগাৰ কথা বন বিষয়াই জনায়।

জানিব পৰা মতে, ৰাতিপুৱাৰে পৰা জুই নুমুৱাবলৈ চেষ্টা চলি আছে। সোমবাৰে সন্ধিয়া জুইৰ সূত্ৰপাত হৈছিল। ১৫০-২০০ জন লোক আৰু ২ খন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰে জুই নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰি বনজুই নুমুৱাবলৈ চেষ্টা চলাই আছে।

ভাৰতীয় বায়ু সেনাই আইএএফ হেলিকপ্টাৰৰ পৰা জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ এটা ভিডিঅ' নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে।

 

বিষয়াসকলে গাওঁবাসীসকলক "অগ্নি প্ৰভাৱিত অঞ্চলৰ চৌহদত বাস কৰা" লোকসকলক "সুৰক্ষিত ঠাইত যাবলৈ" অনুৰোধ জনাইছে।

Category
Profile picture for user UB Photos