Black Panther

মঙলদৈ চহৰত বিৰাজ কৰিছে ঘোঙৰ আতংকই । মঙলদৈৰ কৰিমচকত এটা বাঘ প্ৰত্যক্ষ কৰাৰ পিছত তীব্ৰ আতংকই বিৰাজ কৰে। লগে লগে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত উপস্থিত হয় বন কৰ্মীৰ দল।

কিন্তু দুৰ্ভাগ্যক্ৰমে এগৰাকী বনকর্মীক আক্ৰমণ কৰে ঘোঙে, ফলত আহত হয় বনকৰ্মী টংকেশ্বৰ শৰ্মা। ইয়াৰ লগতে ঘোঙৰ আক্ৰমণত মৃণ্ময় ডেকা নামৰ এটি ১২ বছৰীয়া কিশোৰো আহত হয়।

বনকর্মী আৰু মঙলদৈ আৰক্ষী উপস্থিত হৈছে যদিও এতিয়ালৈ ঘোঙটো ধৰিবলৈ সক্ষম হোৱা নাই।

ইফালে ঘোঙ চাবলৈ মানুহৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখ্য, ঘোঙ বিলুপ্ত প্ৰজাতিৰ জন্তু ৰূপে ঘোষণা কৰা হৈছে।