North Korea

কৃত্ৰিম উপগ্ৰহৰ পৰা স্পষ্টভাৱে উত্তৰ কোৰিয়াত পাৰমাণবিক পৰীক্ষণৰ গতি বিধি লক্ষ কৰিব পৰা গৈছে। চাৰি বছৰৰো অধিক সময় বন্ধ হৈ আছিল।

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে হোৱা শিখৰ সন্মিলনৰ আগে আগে এই পাৰমাণবিক পৰীক্ষণ ক্ষেত্ৰটো বন্ধ কৰাৰ ঘোষণা কৰিছিল। আনকি কেন্দ্ৰটোৰ সুৰংগসমূহ ধ্বংস কৰাৰ দৃশ্য চাবলৈ বিদেশৰ সাংবাদিককো আমন্ত্ৰণ কৰিছিল।

দেশখনৰ পূব প্ৰান্তত থকা পুংগি-ৰি এলেকাত থকা এই কেন্দ্ৰটোত ২০১৭ চনত ষষ্ঠটো আৰু অন্তিমটো পৰমাণু বিস্ফোৰণ কৰিছিল উত্তৰ কোৰিয়াই।