Missile

চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতৰ পৰা পঠিওৱা এটা মিছাইল পৰে পাকিস্তানৰ এটা এলেকাত। ভাৰতৰ পৰা নিক্ষেপ কৰা মিছাইলটো পাকিস্তানত পৰাত ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে পাকিস্তানত।

বৃহস্পতিবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনায় যে, যান্ত্ৰিক বিজুতিৰ বাবে ভাৰতৰ পৰা পঠিওৱা মিছাইলটো গৈ পাকিস্তানত পৰিলগৈ। মিছাইল পৰাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পাকিস্তানত। ঘটনাৰ পিছতে ভাৰতে ভুলবশতঃ মিছাইল পৰাৰ স্পষ্টীকৰণ দিয়ে যদিও এই কথাক সহজে মানি ল'ব পৰা নাই পাকিস্তানে। ভাৰতৰ স্পষ্টীকৰণত সন্তুষ্ট নহয় পাকিস্তান চৰকাৰ। ঘটনাৰ লগত জড়িত তথ্যৰ ভালদৰে বিশ্লেষণ কৰিবৰ বাবে আহ্বান জনাইছে পাকিস্তানে।