Students Life Matter

বৰ্তমান দেশজুৰি চলিচে হিজাব বিতৰ্ক। হিজাব বিতৰ্কৰ মাজতে জম্মু–কাশ্মীৰৰ এগৰাকী ছাত্ৰীয়ে সাহসীকতাৰে মন্তব্য আগবঢ়াই লাভ কৰিছে ব্যাপক চৰ্চা।

ছাত্ৰীগৰাকীয়ে কয়, ‘‘মই ইছলামীয় আদৰ্শক মানি চলো আৰু ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই। আল্লাৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই ইছলামিক আদৰ্শ মানি চলো। নিজকে ভাল মুছলমান বুলি প্ৰমাণ কৰিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই।’’ আৰুছাৰ এই সাহসী মন্তব্য আৰু স্পষ্টবাদিতাই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে যদিও এই মন্তব্যৰ পিছতে একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ছাত্ৰীগৰাকীক।