Ladakh

লাডাখৰ টুৰুকত অঘটন। শুকুৰবাৰে, টুৰুকত সংঘটিত হোৱা বাহন দুৰ্ঘটনাত মৃত্যুক সাবটিলে সাতজন সেনা জোৱানে, আনহাতে, গুৰুতৰভাৱে আহত কেইবাজনো জোৱান।

 

সেনাৰ তথ্য অনুসৰি, শুকুৰবাৰে, পাৰ্তাপুৰৰ ট্ৰেনজিট কেম্পৰ পৰা ওলাই গৈছিল ২৬জন সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন। কিন্তু দুৰ্ভাগ্যবশতঃ পথৰ পৰা পিছলি শ্বিয়ক নৈত বাগৰি পৰে বাহনখন। নৈৰ গভীৰতাত বাহনখন সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আটাইকেইজন জোৱান।