Salman Movie

ছলমান খানে অনুৰাগীসকলৰ বাবে বছৰৰ শেষত লৈ আহিছে এটা ভাল খবৰ। অতি সোনকালে ছবিগৃহলৈ আহিব বজৰংগী ভাইজানৰ চিকুৱেল। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছলমান খানে।

এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে লিখিছে বজৰংগী ভাইজানৰ চিকুৱেল। অভিনেতাজনে ‘আৰআৰআৰ’ চিনেমাখনৰ প্ৰাক-মুক্তি অনুষ্ঠানত উপস্থিত আছিল আৰু সেই অনুষ্ঠানত অনুৰাগীসকলক চিকুৱেলৰ বিষয়ে আনুষ্ঠানিকভাবে মন্তব্য কৰিছিল। উল্লেখ্য যে, এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে মূল ছবিখনৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।