Rail Track

ৰে'লৰ চেপাত দুটুকুৰা এগৰাকী মহিলাৰ শৰীৰ। চতিয়াৰ ৰে'ল ষ্টেচনৰ সমীপত সংঘটিত এই শোকাৱহ ঘটনা। চতিয়াৰ পতিয়া গাঁৱৰ ৰে'ল গেটৰ সমীপত সংঘটিত হয় এই ঘটনা।

শনিবাৰে নিশাই ৰে'লৰ চেপাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে। মহিলাগৰাকী পহুচোৱা গাঁৱৰ ৰুণুমণি দাস বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। আনফালে, মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।