Ministry of Railways

ভাৰতীয় ৰে'লৱেই কভিড১৯ মহামাৰীৰ সময়ত স্থগিত ৰখা ৰে'লত ৰন্ধা খাদ্য সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে ভাৰতীয় ৰে'ল ৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন (আইআৰচিটিচি)লৈ লিখা এখন পত্ৰত ৰে'ল ৱে ব'ৰ্ডে কয়, "স্বাভাৱিক ৰে'ল সেৱা পুনৰুদ্ধাৰ, ভ্ৰমণকাৰী যাত্ৰীৰ প্ৰয়োজনীয়তা আৰু সমগ্ৰ দেশৰ ভোজনালয়, ৰেষ্টুৰেণ্ট, হোটেল আৰু এনে ধৰণৰ স্থানত কোভিড লকডাউনৰ নিষেধাজ্ঞা শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত ৰে'ল মন্ত্ৰালয়ে ৰে'লত ৰন্ধা খাদ্যসেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।"