আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক। বৈঠকত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীথাৰমণ আৰু কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী।
সাতখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনক লৈ এই বৈঠকতে প্ৰস্তুত কৰা হ'ব প্ৰাৰম্ভিক ৰণনীতি। ২০২২ চনত গোৱা, মণিপুৰ, পঞ্জাৱ, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, হিমাচলপ্ৰদেশ আৰু গুজৰাটত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন।