NBSP

১২ ছেণ্টিমিটাৰ দীঘল নেজৰ সৈতে উপজিল শিশু! সৰ্বত্ৰে কৌতূহল

আজৱ পৃথিৱীৰ গজৱ কাহিনী। ব্ৰাজিলৰ এখন চিকিৎসালয়ত ১২ ছেণ্টিমিটাৰ দীঘল নেজৰ সৈতে জন্ম হোৱা এটি শিশুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত অন্তহীন কৌতুহলৰ সৃষ্টি হয়।

স্বাভাৱিকতে এই ঘটনাক সাধাৰণভাৱে ল’ব পৰা নাই চিকিৎসক তথা অভিভাৱকে। সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে এই ঘটনাই। চিকিৎসকসকলে ইয়াক এক বিৰল ঘটনা বুলি জনাইছে। বিজ্ঞানী সকলে উক্ত নেজ ডালক প্ৰকৃত মানুহৰ নেজ হিচাপে অভিহিত কৰিছে।