Patient Death

তেজপুৰ নেমকেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি।

এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰ নেমকেয়াৰ হাস্পতালত।

চিকিৎসকৰ গাফিলতিৰ বাবে তিলকা বৰা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকে।

উল্লেখ্য যে, তিলকা বৰা নামৰ ৰোগীগৰাকীক ৫ দিন পূৰ্বে ভৰ্তি কৰা হৈছিল নেমকেয়াৰ হাস্পতালত। দেওবাৰৰ নিশা হঠাৎ মৃত্যু হয় মহিলাগৰাকীৰ। মৃত্যুৰ পিছত কৰ্তব্যৰত ডা°  ৰনঞ্জিত পাঠকে পলায়ন কৰে৷

বিষয়টো সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷