Filobari

তিনিচুকীয়াৰ ফিলবাৰীত সাষ্টাঙ্গে প্ৰনিপাত জনাই এগৰাকী শিক্ষয়ত্রীয়ে ছাত্ৰ ছাত্ৰীৰ আগত ক্ষমা ভিক্ষা জনোৱা ঘটনাই সমগ্ৰ অসমতে বৰ্তমান এক চৰ্চিত বিষয় হৈ পৰিছে।

ৰাজ্যৰ চৌ দিশে ধিক্কাৰ ধ্বনি উঠিছে ফিলবাৰী ছাত্ৰ সমাজৰ বিৰুদ্ধে। ঘটনাটোত উপস্থিত থকা ফিলবাৰীৰ ASU নেতাক বহিষ্কাৰ কৰিছে সংগঠনটোৱে।

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ- সভাপতি তথা ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কৰ্মৰত কৰ্ণ বুঢ়াগোহাঁইক বহিষ্কাৰ কৰিলে ছাত্ৰ সংগঠনটোৱে। আৰু তাৰ পিছত ফিলবাৰীৰ ASU কৰ্মীৰ মাজত সৃষ্টি হৈচে তীব্ৰ অসন্তুষ্টি।