Kuki Group

উত্তপ্ত মণিপুৰ। মঙলবাৰে মণিপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মণিপুৰৰ কাংপোকপি জিলাৰ বি গামনম গাঁৱত সৰ্বসাধাৰণৰ ওপৰত গুলীবৰ্ষণ কৰে উগ্ৰপন্থীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সুৰক্ষা বাহিনীয়ে হত্যা কৰা দুজন উগ্ৰপন্থীৰ শেষকৃত্যৰ সময়ত গাঁওখনত উপস্থিত থকা লোকৰ ওপৰত অতৰ্কিতে গুলী চালনা কৰে উগ্ৰপন্থীৰ দলটোৱে। উগ্ৰপন্থীৰ দলটো কুকি উগ্ৰপন্থী বুলি সন্দেহ কৰা হৈছে। গুলীচালনাত মৃত্যুক সাৱটি লয় পাঁচজন লোকে।

গুলীচালনাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় বি গামনম গাঁৱত। গাঁও এৰি সকলোৱে পলায়ন কৰে ওচৰৰ গাঁৱলৈ।