UB News

ৰাজ্যজুৰি ভক্তপ্ৰাণ ৰাইজৰ দেৱী লক্ষ্মীক আৰাধনা।

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা।আজি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক ষোড়শোপচাৰে পূজা-অৰ্চনা কৰিব ৰাজ্যবাসীয়ে।

লক্ষ্মী পূজা শৰৎকালীন দুৰ্গা পূজা শেষ হোৱাৰ পিছৰ প্ৰথমটো পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হয়

লক্ষ্মীপূজা উপলক্ষে বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে। ঠায়ে ঠায়ে উপলব্ধ হৈছে ভিন্ন আকাৰৰ লক্ষ্মী প্ৰতিমাৰে।

উল্লেখযোগ্য যে, আজি পুৱা ১১:৫৪ বজাৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমা তিথি। আনহাতে কাইলৈ ​​অৰ্থাৎ মঙলবাৰে পুৱা ১০:০১ বজালৈকে থাকিব লক্ষ্মী পূজাৰ লগ্ন।