Massive fire at Noonmati

মহানগৰীৰ নুনমাটিত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড। কেমেৰাৰ সন্মুখতে বিস্ফোৰণ ঘটে গেছ চিলিণ্ডাৰৰ।

দাউ দাউকৈ জ্বলি উঠিল নুনমাটি বাছষ্টেণ্ডৰ ওচৰৰ এখন চাহ দোকান।

ঘটনাৰ লগে লগে পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা পৰে দোকানীৰ। দোকানখনৰ গৰাকীৰ নাম নৰেন বৈশ্য বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ তৎপৰতাত কাষৰ দোকানসমুহ জুইৰ পৰা ৰক্ষা পৰে।

অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাঘণ্টাৰ অন্তত নিৰ্বাপণ কৰে দোকানখনৰ জুই।