Kim Kardashian

আৰম্ভ হ’ল ২০২১ বৰ্ষৰ ফেশ্বনৰ সৰ্ববৃহৎ নিশা মেট গেলা(Met Gala)। হলিউডৰ চেলিব্ৰেটীসকলে অভূতপূৰ্ব ডিজাইনাৰ ড্ৰেছ পৰিধান কৰি মেট গেলালৈ অহা পৰলক্ষিত হৈছে।

সকলো চেলিব্ৰেটীয়ে সুন্দৰ সুন্দৰ পোছাক পৰিধান কৰি আহিছে মেট গেলালৈ। হলিউডৰ জনপ্ৰিয় চেলিব্ৰেটী কিম কাৰদাচিয়ানক এইবাৰ এক অন্য ৰূপত দেখা গ’ল মেট গেলাৰ অনুষ্ঠানত। এযোৰ ক’লা পোছাক পিন্ধি মেট গেলালৈ অহা দেখা গ’ল কিম কাৰদাচিয়ানক।