Superstition

অন্ধবিশ্বাসৰ বলি হ’ল কোকৰাঝাৰ বল্লমঝোৰাৰ এগৰাকী বৃদ্ধ! গোসাইগাঁও থানাৰ অন্তৰ্গত বল্লমঝোৰাৰ ৬০বছৰীয়া বৃদ্ধক অন্ধবিশ্বাসৰ বাবে গঞাই আক্ৰমণ কৰে৷ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

ঘটনাৰ পিছতে একাংশ সচেতন ব্যক্তিয়ে আৰক্ষীক অৱগত কৰাত গোসাঁইগাওঁ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইপিনে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাওঁখনৰ সামাজিক গাওঁবুঢ়া ধনেন্দ্ৰ বসুমতাৰীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ বৃদ্ধা গৰাকী গোসাঁইগাওঁ আৰক্ষীৰ জিম্মাত আছে ৷