Cyclone Remal

সাগৰ পৃষ্ঠৰ উষ্ণতা ২৬.৫ ডিগ্ৰীতকৈ অধিক হ’লে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়।

সংহাৰী ৰূপত সাগৰীয় ঘূৰ্ণী ‘ৰেমল’। দেশৰ ভিন্নপ্ৰান্তৰ লগতে সোমবাৰৰ মাজনিশাৰ পৰা অসমতো প্ৰভাৱ পৰিছে ৰেমলৰ। অসমৰ ভিন্ন ঠাইত ধুমুহা- বৰষুণৰ লগতে ঠায়ে ঠায়ে উভালি পৰিছে প্ৰকাণ্ড গছ।

পিছে ক’ৰ পৰা উৎপত্তি হৈছে ৰেমল? ৰেমলৰ অৰ্থ কি জানেনে?


ইয়াৰ অৰ্থ হৈছে ‘বালি’। আৰু ৰেমল এক আৰবী শব্দ। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ তালিকাত ‘ৰেমল’ নামটো ওমানে দিছে। ২০২৪ চনৰ প্ৰাক-মৌচুমী ঋতুত এইটো প্ৰথম ঘূৰ্ণীবতাহ। প্ৰতিবাৰে এই সাগৰীয় ঘূৰ্ণীৰ এক নতুন নামেৰে নামাকৰণ কৰা হয়।