
অনাস্থা প্ৰস্তাৱ অনাৰ আৰম্ভণি ভাষণ আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱে তেওঁৰ বক্তব্যত কয়, ‘অনাস্থা প্ৰস্তাৱ আমি আনিব বিচাৰিছো উপায়হীন হৈ। মণিপুৰৰ জনতাৰ বাবেই আমি এই প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছো। মণিপুৰ জনতাই আজি ন্যায় বিচাৰিছে। মণিপুৰৰ জনতাই আশা কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিবা এটা কৰিব। আমি প্রধানমন্ত্ৰীৰ মৌনব্ৰত ভাঙিব বিচাৰিছো। প্রধানমন্ত্ৰীলৈ আমাৰ মাত্ৰ ৩টা প্ৰশ্ন আছে’।
প্রথম প্ৰশ্নটো হৈছে, আজিলৈকে মণিপুৰ লৈ তেওঁ কিয় নগ’ল। ইণ্ডিয়া এলায়েন্সৰ গোট গ’ল, ৰাহুল গান্ধী গ’ল, অমিত শ্বাহ গ’ল কিন্তু প্রধানমন্ত্ৰী কিয় মণিপুৰ যাব নোৱাৰিলে?
দ্বিতীয় প্ৰশ্ন, এখন প্ৰদেশ জ্বলি আছে কিন্তু এই দেশৰেই প্রধানমন্ত্ৰীয়ে কিয় মণিপুৰ শব্দটো উচ্চাৰণ কৰিবলৈকে ৮০ দিন সময় ল’লে? মাত্ৰ ৩০ ছেকেণ্ডহে মণিপুৰৰ বাবে তেওঁৰ সময় হ’ল। মণিপুৰৰ বাবে তেওঁ কিয় মহত্বপূৰ্ণ শব্দবোৰ উচ্চাৰণ কৰিব পৰা নাই। শান্তিৰ আহ্বান তেওঁ কিয় কৰিব পৰা নাই?
তৃতীয় প্ৰশ্ন, প্রধানমন্ত্ৰীয়ে আজিলৈকে মণিপুৰৰ মুখ্যমন্ত্ৰীক কিয় বৰ্খাস্ত কৰিব নোৱাৰিলে? উত্তৰাখণ্ড, গুজৰাটত নিৰ্বাচন আহিলে তেওঁ মুখ্যমন্ত্ৰী সলাব পাৰে, কিন্তু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ মাজত কি এনে গুণ আছে যাৰ বাবে তেওঁক আজিলৈকে বৰ্খাস্ত কৰিব পৰা নাই? মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই তেওঁৰ ব্যৰ্থতা স্বীকাৰ কৰা স্বত্ত্বেও তেওঁক কিয় এতিয়ালৈ আঁতৰাব পৰা নাই?
আমাৰ প্ৰধানমন্ত্ৰীয়ে মৌনব্ৰত লোৱাৰ তিনিটা কাৰণ আছে বুলি আমি ভাৱো। এই তিনিটা কাৰণৰ ভিতৰত প্রথম কাৰণটো হৈছে, মোদীয়ে তেওঁৰ ভাৱমূৰ্তী ৰক্ষা কৰাত বিশেষ গুৰুত্ব দি আহিছে। তেওঁ মৌন হৈ থাকিলে তেওঁৰ ডাবল ইঞ্জিনৰ ৰাজ্য চৰকাৰৰ ছবি দেশৰ জনতাৰ চকুৰ পৰা লুকাই থাকে।
দ্বিতীয় কাৰণটো হৈছে, তেওঁৰ গৃহবিভাগ আজি বিফল হৈছে। ৫০০০ তকৈয়ো অধিক অস্ত্ৰ মণিপুৰৰ জনতাৰ হাতে হাতে। মণিপুৰৰ আৰক্ষী চকীৰ পৰা অস্ত্ৰ লুটপাত কৰি লৈ গৈছে অথচ মোদীৰ গৃহবিভাগে একো কৰিব পৰা নাই। জনতাৰ হাতে হাতে একে ৪৭, লাখ লাখ গুলি এইবোৰ জানিও কিয় তেওঁৰ গৃহবিভাগে একো কৰিব পৰা নাই? এই যুদ্ধৰ অস্ত্ৰসমূহ কেৱল মণিপুৰত ৰৈ যাব তেনে নহয় এইবোৰ উত্তৰপূৱত বিয়পি পৰিব। অশান্তিৰ বাতাবৰণ উত্তৰপূবৰ পৰা সমগ্ৰ দেশলৈকে বিয়পি পৰিব তেতিয়া প্ৰধানমন্ত্ৰীকে কি কৰিব? কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা দলে কিয় এই বিষয়ত একো কৰিব পৰা নাই? শেষত আসাম ৰাইফলছৰ জোৱানকো মণিপুৰৰ পৰা আঁতৰাই অনা হ’ল ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে? মুখ খুলিলেই মোদীয়ে উত্তৰ দিব লাগিব সেয়ে তেওঁ মৌনব্ৰতত আছে। উত্তৰ পূবত মোদীৰ সকলো প্ৰতিশ্ৰুতিয়েই বিফল হৈছে। কি সফল কাম কৰিলে, মোদীয়ে উত্তৰ পূবৰ বাবে ক’ব পাৰিবনে? প্ৰথমবাৰ মই দেখিছো মোদীৰ নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষা এনেকুৱা যে উত্তৰ পূবৰ দুখন ৰাজ্যৰ আৰক্ষীয়ে এটাক আনটোৱে গুলি চলায়।
প্রধানমন্ত্ৰী মোদীৰ মৌনব্ৰতৰ তৃতীয় কাৰণটো হৈছে, মোদীয়ে তেওঁৰ ভুল কেতিয়াও স্বীকাৰ কৰিব নোখোজে। জনতাৰ ওচৰত ভুল স্বীকাৰ কৰিব নোখোজা স্বভাৱটো তেঁওৰ আজিৰ নহয়। মণিপুৰেই নহয়, কৃষক আন্দোলন মোদীৰ বিফলতাৰ বাবেই হৈছিল তেতিয়া ৭৫০ কৃষক স্বহীদ হৈছিল তেতিয়া মোদী মনে মনে আছিল, দেশৰ কুস্তি খেলুৱৈৰ ওপৰত নিৰ্যাতন চলোতে মোদী মৌন হৈ আছিল, ৰাহুল গান্ধীৰ প্রশ্নত মোদী মৌন আছিল। ইয়াৰ আঁৰত এটাই কথা, তেওঁ নিজৰ বিফলতা, ভুল কেতিয়াও মানি ল’ব নোৱাৰে।
- Log in to post comments