কংগ্ৰেছৰ শিবিৰত এতিয়া আনন্দ-উলাস! সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে; প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ৰ নিৰ্বাচনত........

Rahul Gandhi

কংগ্ৰেছৰ বৃহৎ জয়! কংগ্ৰেছৰ শিবিৰত আনন্দ-উলাস। পুনৰ সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখিছিল। ইয়াৰ ৪৮ ঘণ্টাৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলক পুনৰ সাংসদ পদ ঘূৰাই দিলে। 

সোমবাৰে পুৱা অধ্যক্ষ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা। এই খবৰে কংগ্ৰেছ শিবিৰত আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। এয়া ৰাহুল গান্ধীৰ বাবে এক বৃহৎ জয়!

Rahul Gandhi

উল্লেখ্য যে, ২০১৯ চনৰ ২৩ মাৰ্চত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। 'সকলো মোডী চোৰ' বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।

তাৰ পিছতে ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলগীয়া হৈছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী।

Rahul Gandhi

গুজৰাট উচ্চ ন্যায়ালয়ে চুৰাট আদালতৰ ৰায় বাহাল ৰখাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। আৰু অৱশেষত আজি উচ্চতম ন্যায়ালয়ে সকাহ দিলে ৰাহুল গান্ধীক।

Category
Profile picture for user UB Photos