সফলতাৰ দিশে ভাৰতৰ চন্দ্ৰযান-৩! আজি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব চন্দ্ৰযান-৩......

ISRO

৫ আগষ্ট অৰ্থাৎ আজি ভাৰতৰ চন্দ্ৰযান-৩ মহাকাশযানখন চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব। এই তথ্য প্ৰদান কৰিছে মহাকাশ সংস্থা ISROএ।

চন্দ্ৰযান-৩ মহাকাশযানখন চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ ইতিমধ্যে সাজু হৈছে। লুনাৰ অৰ্বিট ইঞ্জেকচন আজি সন্ধিয়া প্ৰায় ৭ বজাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বুলি ISROএ জনায়।

ISRO

উল্লেখ্য যে, চন্দ্ৰযান-৩ জুলাই মাহৰ ১৪ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰৰ দক্ষিণ অংশ অন্বেষণ কৰিবলৈ উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰৰ এই অংশ পৃথিৱীৰ পৰা কমেও ১৭০ কিলোমিটাৰ আৰু সৰ্বাধিক ৩৬,৫০০ কিলোমিটাৰ দূৰত অৱস্থিত। এই মহাকাশযানখন চন্দ্ৰৰ ওচৰলৈ নিয়াৰ বাবে এই উপবৃত্তাকাৰ কক্ষপথটো ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। পৃথিৱীৰ অন্তিম কক্ষপথ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত, মহাকাশযানখনে ১ আগষ্টত চন্দ্ৰৰ কক্ষপথৰ ফালে যাত্ৰা আৰম্ভ কৰে।

ISRO

আনহাতে, চন্দ্ৰযান-৩এ চন্দ্ৰলৈ ইয়াৰ যাত্ৰাৰ দুই-তৃতীয়াংশ সম্পূৰ্ণ কৰিছে। চন্দ্ৰ অভিমুখে যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ৰ অংশ হিচাপে এই মহাকাশযানখনে আজি ৰাতি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব বুলি ইছৰোৱে কৈছে। ISROএ কয় যে চন্দ্ৰযান-৩ শনিবাৰে সন্ধিয়া ৭ বজাত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হ’ব।
 

Category