পুনৰ লাভ কৰিব সাংসদ পদ, খেলিব পাৰিব নিৰ্বাচন! ৰাহুল গান্ধীৰ শাস্তিৰ ৰায়দানত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ....

Rahul Gandhi

ৰাহুল গান্ধীলৈ ডাঙৰ সকাহ উচ্চতম ন্যায়ালয়ৰ। ৰাহুল গান্ধীৰ শাস্তিত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। দুবছৰৰ বাবে ৰাহুল গান্ধীক বিহা হৈছিল কাৰাদণ্ড। মোদী উপাধিৰ গোচৰত হাইক’ৰ্টৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ডাঙৰ সকাহ।

উল্লেখ্য যে, ন্যায়াধীশ বি আৰ গৱাই, ন্যায়াধীশ পি এছ নৰছিমহা আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল। নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশা কৰা হৈছে। ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত দেখা গৈছে আনন্দৰ লহৰ।

rahul gandhi

লগতে উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়ালৈ ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত শুনানি সম্পূৰ্ণ নহয়, তেতিয়ালৈ শাস্তিৰ ওপৰত স্থগিতাদেশ থাকিব। ন্যায়ালয়ে ৰাহুল গান্ধীক অধিকতম শাস্তি শুনোৱাক লৈও প্ৰশ্ন উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত ৰাহুল গান্ধী, কংগ্ৰেছ দল আৰু বিৰোধী মিত্ৰজোঁতৰ বাবেই গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত ৰাহুল গান্ধীয়ে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ অহা বাধাও দূৰ হোৱাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে যদিহে ৰাহুল গান্ধীক শাস্তি আৰু দোষী সাব্যস্ত কৰাৰ নিম্ন আদালতৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি নকৰিলেহেঁতেন তেতিয়া ২০২৪ত লোকসভা নিৰ্বাচন খেলিব নোৱাৰিলেহেঁতেন। ন্যায়ালয়ৰ আজিৰ সিদ্ধান্তৰ পিছত এয়া স্পষ্ট হৈ পৰিল যে ৰাহুল গান্ধীয়ে পুনৰ সংসদলৈ ওভতাই নহয় ২০২৪ৰ নিৰ্বাচনতো অৱতীৰ্ণ হ’ব পাৰিব।


 

Category
Profile picture for user UB Photos