মণিপুৰত অব্যাহত হিংসাত্মক পৰিস্থিতি! নিৰাপত্তা বাহিনী আৰু উপদ্ৰৱীৰ মাজত গুলীচালনাৰ ঘটনা, নিহত ১জন আৰক্ষী আৰু আহত ১৯ জন.......

Manipur

এতিয়াও মণিপুৰত অব্যাহত  আছে হিংসাত্মক পৰিস্থিতি। বৃহস্পতিবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কাংৱাই আৰু ফগাকচাও অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৪০০-৫০০ জনীয়া এটা দলে মণিপুৰৰ আৰক্ষী চকীত আক্ৰমণ কৰি বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লুটি লৈ যায়। বন্দুক, বাৰুদ আদিৰ উপৰিও অটোমেটিক পিষ্টলো লুটি লৈ যায়। 

উল্লেখ্য যে,নিৰাপত্তা বাহিনী আৰু উপদ্ৰৱীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত কমেও ১৯ জন লোক আহত হয়।

এক চৰকাৰী বিবৃতি অনুসৰি যে দুৰ্বৃত্ত আৰু নিৰাপত্তাৰক্ষীৰ মাজত কাউট্ৰুক, হাৰোথেল আৰু চেঞ্জাম চিৰাং অঞ্চলতো গুলীয়াগুলী হয়। গুলীচালনাত এজন সুৰক্ষা কৰ্মীসহ দুজন লোক আহত হয়।

আনহাতে ইম্ফল ৱেষ্ট অঞ্চলত এজন আৰক্ষী জোৱানৰ মূৰত গুলী লগাৰ ফলত মৃত্যু হয়। ওচৰৰ পাহাৰ অঞ্চলৰ পৰা হোৱা গুলীচালনাৰ ফলত এজন সাধাৰণ নাগৰিকৰো মৃত্যু হয়।

উল্লেখ্য যে, ৩ মে'ৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত এতিয়ালৈকে বহুলোকৰ মৃত্যু হৈছে। ৰাজ্যখনত এতিয়াও বন্ধ আছে ইন্টাৰনেট সেৱা। কিন্তু এতিয়ালৈকে পৰিস্থিতি শাম কটা নাই। প্ৰতিদিনেই বিভিন্ন অঞ্চলত সংঘৰ্ষ হৈয়ে আছে।

Category
Profile picture for user UB Photos