প্ৰসংগঃ হাতীগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ড, গ্ৰেপ্তাৰ ৩ অভিযুক্ত.........

Murder

এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল ২৭ জুলাই তাৰিখে। পুৱতি নিশা নামাজৰ বাবে মছজিদলৈ ওলাই যোৱাৰ পাছতে এই নৃশংস ঘটনা সংঘটিত হৈছিল। উদ্ধাৰ হৈছিল জাবেদ আলী আহমেদৰ মৃতদেহ। জলসিঞ্চন বিভাগৰ অৱসৰ মুখ্য অভিযন্তা আছিল আহমেদ। ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতিও আছিল তেওঁ। 

ইতিমধ্যেই গুৱাহাটী হাতীগাঁও ফেণ্ডছ পথৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে। ৩ অভিযুক্তক গ্রেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে।

murder case

গ্ৰেপ্তাৰ কৰা হৈছে ভাটকুছিৰ মহিবুল ইছলাম , হাছু ওৰফে নুৰ মহম্মদ আৰু তেতেলীতলৰ পৰা গ্রেপ্তাৰ চালক বগা। অভিযোগ অনুসৰি এই ৩জন অভিযুক্তই মিলি ফেণ্ডছ পথত হত্যা কৰিছিল জাবেদ আলী আহমেদক।

অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Category
Profile picture for user UB Photos