ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী! আগষ্ট মাহৰ ৩ তাৰিখলৈ দেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা...

rain

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী ! অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ।

উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগষ্ট মাহৰ ৩ তাৰিখলৈকে দেশৰ বিভিন্ন প্ৰান্তত নতুন কৈ বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে। বৰষুণৰ বাবে দেশৰ বিভিন্ন প্ৰান্ত জলমগ্ন হোৱাৰ আশংকাও আছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ মতে বৃহস্পতিবাৰৰ আগলৈকে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত বৰষুণ অব্যাহত থাকিব।  আনহাতে পূব ৰাজস্থানত একে ধৰণৰ পৰিস্থিতি বিৰাজ কৰিব, য'ত ২ তাৰিখলৈ বৰষুণ হ'ব পাৰে।
এই বাৰিষাত উত্তৰাখণ্ডত দীৰ্ঘদিন ধৰি ধাৰাসাৰ বৰষুণ চলি আছে, ১ ৰ পৰা ৩ আগষ্টলৈও উত্তৰাখণ্ডই ৰেহাই নাপাব বৰষুণৰ পৰা। 

দিল্লী, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়তো ১ আৰু ২ আগষ্টত বৰষুণ হ'ব পাৰে। উত্তৰ-পশ্চিম ভাৰতত ৩ আগষ্টলৈকে বৰষুণ আৰু বজ্ৰপাত অব্যাহত থাকিব। মধ্য প্ৰদেশ, ছত্তীশগড়তো ৩ আগষ্টলৈকে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, ২ আগষ্টত মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ এটা অংশত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, আনহাতে ঝাৰখণ্ড, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত একে ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিমবংগৰ গাঙ্গেয় অংশত ২ আগষ্টলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, ৩ আগষ্টলৈকে হিমালয় আৰু ছিকিমৰ পাদদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, আনহাতে কোঙ্কন, গোৱা আৰু মহাৰাষ্ট্ৰত পৰৱৰ্তী পাঁচ দিনৰ বাবে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।  
 

Category
Profile picture for user UB Photos