ভগৱান শিৱক গাখীৰ বা পানী অৰ্পণ কৰাৰ আগত এই মন্ত্ৰটো জপ কৰক, ঈশ্বৰে আপোনাৰ প্ৰতিটো কামনা পূৰণ কৰিব.....

shiv

ভগৱান শিৱৰ মাহ মানেই শাওণৰ মাহ। এই শাওণৰ মাহত প্ৰায় অধিকাংশলোকেই শিৱ ব্ৰত ৰাখে লগতে সম্পূৰ্ণ বিধি-বিধানেৰে শিৱক পূজা কৰে। সম্পূৰ্ণ বিধি-বিধানেৰে শিৱক পূজা কৰাৰ সময়ত যদি এই মন্ত্ৰবিধ আপুনি জপ কৰে, তেনেহ'লে আপোনাৰ জীৱনতো ধন প্ৰাপ্তিৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি পাব।

তেনেহ'লে জানো আহক এই মন্ত্ৰবিধনো কি হয়-

shiv

"ॐ नमो भगवते रूद्राय नम:" এই মন্ত্ৰবিধ শিৱ লিংগত পানী বা গাখীৰ আগবঢ়োৱা সময়ত মনৰ ভিতৰত বা কম উচ্চাৰণ কৰি জপ কৰিব লাগে। এই মন্ত্ৰবিধে আপোনাৰ জীৱনলৈ ধন প্ৰাপ্তিৰ সকলো দিশ খুলি দিব।

লগতে শিৱ লিংগত পানী অৰ্পণ কৰাৰ সময়ত, সেই পানীৰ সৈতে গংগা জল মিহলি কৰি ল'লে ভগৱান শিৱ সোনকালে প্ৰসন্ন হয় বুলি কোৱা হয়। গৰুৰ গাখীৰ অৰ্পণ কৰিলে ৰোগ, বেমাৰ-আজাৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়, আনহাতে শিৱ লিংগত দৈ অৰ্পণ কৰিলে সম্পত্তি বৃদ্ধি হোৱাৰ লগতে পাৰিবাৰিক শান্তিও বৃদ্ধি হয় বুলি কোৱা হয়।

shiv

যিহেতু শাওণ মাহ ভগৱান শিৱৰ মাহ গতিকে শাওণ মাহত বগা বস্ত্ৰ, গাখীৰ-দৈ আৰু ৰূপৰ বাচন দান কৰিলে ভগৱান সন্তুষ্ট বুলি লোক বিশ্বাস কৰা হয়।
 

Category