মণিপুৰৰ ননেত শুই থকা অৱস্থাতে NSCN-IMৰ ২ কেডাৰক গুলীয়াই হত্যা......

Manipur

এতিয়াও শান্ত হোৱা নাই মণিপুৰ । শুকুৰবাৰে নিশা প্ৰায় ১.৪৫ বজাত NSCN-IMৰ ২ কেডাৰক গুলীয়াই হত্যা কৰে জেলিয়ানগ্ৰং ইউনাইটেড ফ্ৰণ্টৰ কেডাৰে। 

জিলাখনৰ ৰেংপাঙত এটা ঘৰত শুই থকা অৱস্থাতে কেডাৰ দুজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

manipur

ননে জিলাৰ খংছাং আৰক্ষী থানাৰ অধীনস্থ ৰেংপাঙত এন এছ চি এন-আই এমৰ দুজন কেডাৰক জেলিয়াংগ্ৰং ইউনাইটেড ফ্ৰণ্টৰ কেডাৰে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ পিচতে পুৱা প্ৰায় ৬:৩০ বজাত খংছাং থানাৰ এটা দলে সেই স্থানত উপস্থিত হয় আৰু এন এছ চি এন-আই এমৰ কেডাৰৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

Category
Profile picture for user UB Photos