আজি পৰ্যন্ত গা লৰা নাই বিদ্যুৎ বিভাগৰ! উন্মুক্ত ট্ৰান্সফাৰ্মাৰে প্ৰাণ কাঢ়িলে এজন লোকৰ.....

transfermer

বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। মহানগৰীৰ ছয়মাইলৰ উৰণীয় সেঁতুৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে দিছপুৰ আৰক্ষীক।

স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে শক্তি বিভাগৰ গাফিলতিৰ বাবেই লোকজনৰ কৰুণ মৃত্যু ঘটিছে। কিয়নো উন্মুক্ত ট্ৰান্সফাৰ্মাৰত লাগি উক্ত লোকজনৰ মৃত্যু হয়। ট্ৰাঞ্চফৰ্মাৰ থকা গেটত লগোৱা নাছিল তলা।

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অচিনাক্ত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বেও বিভিন্ন সময়ত এইধৰণৰ উন্মুক্ত ট্ৰান্সফাৰ্মাৰত লাগি ভালেসংখ্যক লোকে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। বিদ্যুৎ বিভাগৰ এনে গাফিলতিৰ বাবে একাংশলোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Category