পুনৰ এক নৃশংস হত্যাকাণ্ডঃ নামাজ লৈ যোৱা জাভেদক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা...

Ghy

মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে পুৱাৰ ভাগত হাতীগাঁও থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত উদ্ধাৰ এটি মৃতদেহ। হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথত উদ্ধাৰ হোৱা মৃতদেহটো লৈ এতিয়া অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।

ghy

উল্লেখ্য যে, হত্যাৰ বলি হোৱা লোকজনৰ নাম জাভেদ আলী আহমেদ বুলি জানিব পৰা গৈছে । জলসিঞ্চন বিভাগৰ অৱসৰ মুখ্য অভিযন্তা আছিল আহমেদ। ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতিও আছিল তেওঁ। আজি পুৱতি নিশা নামাজৰ বাবে মছজিদলৈ ওলাই যোৱাৰ পাছতে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হয়।

ghy

ইতিমধ্যে ঘটনাস্থলীৰ পৰা ৰড উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ মতে সম্ভৱত ৰডেৰে মৰিয়াই মৰিয়াই  হত্যা কৰা হৈছে আহমেদক। মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।

ঘটনাস্থলীত থকা চিচিটিভ ফুটেজত হত্যাকাণ্ডৰ সময়ত দুজন লোকক প্ৰত্যক্ষ কৰা হৈছে। সেই দুজনলোকে এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰিছে একাংশই। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা লৈছে আৰক্ষীয়ে।

কিন্তু কিয় এই হত্যাকাণ্ড সংঘটিত হ'ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে । 

Category
Profile picture for user UB Photos