মণিপুৰৰ পৰিস্থিতিক লৈ সংসদত অচলাৱস্থা; পঞ্চম দিনাও ব্যাহত উভয় সংসদৰ কাৰ্যক্ৰমণিকা.....

Manipur

মণিপুৰৰ পৰিস্থিতিক লৈ সংসদত অচলাৱস্থা
পঞ্চম দিনাও ব্যাহত উভয় সংসদৰ কাৰ্যক্ৰমণিকা
সংসদৰ উভয় সদনতে বিৰোধীৰ উত্তাল প্ৰতিবাদ
লোকসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ
অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিলে সাংসদ গৌৰৱ গগৈয়ে
নিয়ম 198ৰ অধীনত অনাস্থা প্ৰস্তাৱত অনুমোদন লোকসভাৰ অধ্যক্ষৰ
বিৰোধী দলৰে আলোচনা কৰি অনাস্থা প্ৰস্তাৱক লৈ হ’ব বিতৰ্ক
নিয়ম অনুসৰি অহা ১০ দিনৰ ভিতৰত হ’ব বিতৰ্ক
লোকসভাত ১২ বজাত পুনৰ আৰম্ভ হৈছিল কাৰ্যক্ৰমণিকা
বিৰোধীৰ হুলস্থুলত পুনৰ সদনৰ কাম-কাজ স্থগিত ২ বজালৈ
ৰাজ্যসভাতো সদনৰ কাম-কাজ স্থগিত দিনৰ ২ বজালৈ

২০১৮ চনতো শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে আনিছিল অনাস্থা প্ৰস্তাৱ। ৩২৫ ভোটত শাসকীয় বিজেপি জয়ী হৈছিল অনাস্থা প্ৰস্তাৱত। মণিপুৰৰ পৰিস্থিতি লৈ এইবাৰ পুনৰ অনা হৈছে অনাস্থা প্ৰস্তাৱ। বিৰোধীৰ এই প্ৰস্তাৱৰ ভোটযুদ্ধত ব্যৰ্থ হ’লেও মণিপুৰৰ পৰিস্থিতিক লৈ অনাস্থা প্ৰস্তাৱযোগে সদনত বিতৰ্কৰ সূচনা কৰাৰ বাবেই উত্থাপন কৰিছে এই প্ৰস্তাৱ।

Category
Profile picture for user UB Photos