সাংস্কৃতিক জগতত শোঁকৰ ছা; টোকাৰী গীতৰ সম্ৰাট তথা লোক সংস্কৃতিৰ সাধক উমাকান্ত বৈৰাগী আৰু নাই......

uma

সকলোকে কন্দুৱাই অজানা দেশলৈ গুছি গ'ল উমাকান্ত বৈৰাগী । বিগত চাৰিমাহ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰ যুঁজত হাৰ মানিলে টোকাৰী গীতৰ সম্ৰাটজনে । বুধবাৰে পুৱা ৭.১০ বজাত হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। 

১৯৪২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে সৰুৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল। কেইবা দশক ধৰি টোকাৰী গীত গাই অসমীয়া লোক-সংকৃতিৰ ভৰাঁল চহকী কৰি থৈ গ'ল এই মহান শিল্পীগৰাকীয়ে।

death

আনহাতে, লোক সংগীত সাধনাৰ বাবে উমাকান্ত বৈৰাগীয়ে ২০১৩ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। ৭০০ ৰো অধিক টোকাৰী গীতৰ স্ৰষ্টা আছিল উমাকান্ত বৈৰাগী । লোকসংস্কৃতিৰ সাধকগৰাকীয়ে প্রতিমা পাণ্ডে বঁটাও লাভ কৰিছিল । ড০ ভূপেন হাজৰিকা সংহতি বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে। ১৯৭১ত ডিব্রুগড় অনাতাঁৰ কেন্দ্রই প্রদান কৰিছিল 'বৈৰাগী" উপাধি। 

উল্লেখ্য যে, উৎকৃষ্ট চিকিৎসায়ো আৰোগ্য কৰি তুলিব নোৱাৰিলে লোক কৃষ্টিৰ সাধকজনক । টোকাৰী গীতৰ সম্ৰাট, সংগীত নাটক অকাদেমী বঁটা বিজয়ী শিল্পী উমাকান্ত বৈৰাগীদেৱৰ বিয়োগে শোকৰ ছা পেলাইছে ৰাজ্যত। 

Category
Profile picture for user UB Photos