সংঘৰ্ষৰ জৰ্জ মণিপুৰ; এতিয়া ৰাজনীতিৰ মেৰপেচত! স্থবিৰ দিল্লীৰ মজনত, শান্তিৰ সুদূৰ পৰাহত

Manipur

প্ৰসংগঃ অগ্নিগৰ্ভ মণিপুৰ! হঠাৎ কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ'ল মণিপুৰত? যি জুই নিৰ্বাপিত হোৱাৰ বিপৰীতে সমগ্ৰ দেশত তোলপাৰ সৃষ্টি কৰিছে । 

manipur

অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। পথৰ কাষত থকা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীক লক্ষ্য কৰি আন একাংশই কৰা মন্তব্যৰ পৰাই সূত্ৰপাত হয় সংঘৰ্ষৰ। ঘটনাক কেন্দ্ৰ কৰি এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি।  যাৰ ফলত ১৪৪ ধাৰা, কাৰ্ফিওকে আদি কৰি ইন্টাৰনেট সেৱা পৰ্যন্ত বন্ধ ৰখাৰ পৰিস্থিতি সৃষ্টি হৈছিল ।মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই সম্প্ৰদায়ক অনুসূচীত জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল। এই সংঘাত জনগোষ্ঠীয়মূলক যদিও মণিপুৰৰ অশান্ত পৰিস্থিতিৰ আঁৰত কেৱল এটা কাৰক নাই। ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদিৰ উপৰিও অনুপ্ৰৱেশো ইয়াৰ এক অন্যতম কাৰণ। 

manipur

আনহাতে, দুদিনীয়া ভ্ৰমণসূচীৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ পৰিদৰ্শন কৰিবলৈ আহিও হিংসাত্মক পৰিৱেশৰ সন্মুখীন হৈছিল । হিংসাত্মক পৰিৱেশৰ বাবে প্ৰায় ২ঘন্টা ধৰি তেওঁৰ কনভয় আৱদ্ধ কৰি ৰাখিছিল মণিপুৰ আৰক্ষীয়ে ।বিভিন্ন দল-সংগঠন, ৰাজনৈতিক নেতাই অগ্নিগৰ্ভ মণিপুৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছিল যদিও শান্ত হোৱা নাই মণিপুৰ । ক্ৰমাৎ পৰিস্থিতি অধিক ভয়াৱহ হ'বলৈ ধৰিছে । 

rahul gandhi

শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হোৱা এক নৃশংস নাৰী নিৰ্যাতনৰ কাণ্ডই জোকাৰি তুলিছে সমগ্ৰ দেশক । এই নৃশংস কাণ্ডই অধিক ৰূপত ভয়াৱহ কৰি তুলিছে মণিপুৰৰ পৰিস্থিতি। ১৯ জুলাইত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল মণিপুৰত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় কাণ্ডৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে দুগৰাকী কুকি মহিলাক পথত উলংগ কৰি সমদল কৰোৱাৰ দৃশ্য দেখা গৈছে। পিছত উক্ত মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছে। উল্লেখ্য যে, যোৱা ৪ মে’দিনাই ৰাজ্যৰ কাংপকপি জিলাত সংঘটিত হয় এই নিকৃষ্ট কাণ্ড। নাৰী নিৰ্যাতনৰ এই কাণ্ডটোত দুগৰাকী কুকি মহিলাক উলংগ কৰি পথত সমদল কৰাৰ লগতে একাংশই স্পৰ্শ কৰে মহিলা দুগৰাকীৰ গুপ্তাংগও। আনহাতে, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ এদিনৰ পিচতে এই গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ৰাজ্যখনত ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।

manipur

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে , 'মোৰ অন্তৰ খং আৰু বেদনাৰে ভৰি পৰিছে । যিকোনো সভ্য সমাজৰ বাবে মণিপুৰৰ ঘটনা লজ্জাজনক ।দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়।মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহ'ব। মণিপুৰৰ ভাইৰেল কাণ্ডত গোটেই দেশ লজ্জিত হৈছে।'লগতে এই লজ্জানত ঘটনাৰ সন্দৰ্ভত বলীউডৰ বিভিন্ন তাৰকাই টুইটযোগে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । 

আনহাতে, মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ তৎপৰ উচ্চতম ন্যায়ালয়ো । উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ।


উল্লেখ্য যে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় মণিপুৰ কাণ্ডৰ এজন অভিযুক্তক। ভিডিঅ'টোত দেখা সেউজীয়া টি-চাৰ্ট পিৰিধান কৰি মহিলাগৰাকীক ধৰি ৰখা মূল অভিযুক্তজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে। এই জঘন্য কাণ্ডৰে জড়িত মূল অভিযুক্তজনৰ নাম পেচি আৱাং লেইকাইৰ হুইৰেম হেৰোডাছ মেইটেই। 

মণিপুৰৰ ২ মহিলাক বিবস্ত্ৰা কৰি ৰাজপথেৰে খোজকঢ়াই নি গণধৰ্ষণ কৰা ঘটনাৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলাই দিলিছ একাংশ মহিলাই। হাতে-হাতে লাঠি লৈ ঘটনাৰ মূল অভিযুক্ত হেৰোদাছ মেইটেইৰ ঘৰত উপস্থিত হয় ৰাজ্যখনৰ নংপক ছেকমাইৰ একাংশ উত্তেজিত মহিলা।মণিপুৰ আৰক্ষীয়ে টুইটযোগে জনোৱা মতে এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 

manipur

বিশ্বজুৰি মণিপুৰৰ বৰ্বৰতাক লৈ চৰ্চা চলাত এতিয়া লাজ পাইছে কিছু লোকে। ইমান দিনে অপৰাধীক গ্ৰেপ্তাৰ নকৰা আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ বাধ্য হ'ল উচ্চতম ন্যায়ালয়।
চৰকাৰে ব্যৱস্থা নল'লে আমিয়েই ল'বলৈ বাধ্য হম বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সতৰ্কবাণী শুনাবলগীয়া হ'ল। এইটোৱেই মণিপুৰত সংঘটিত একমাত্ৰ নিকৃষ্ট কাণ্ড নহয়। মহিলাক বিবস্ত্ৰ কৰি দুৰ্বৃত্তই বলাৎকাৰ আৰু পেৰেড কৰিব পাৰিলে কেনেকৈ? কিয় ৭৯ দিন লাগিল মণিপুৰলৈ চকু মেলি চাবলৈ? কিয় সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পৰা বিৰত এতিয়া শাসক পক্ষ?

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে, কেৱল এইটোৱেই নহয় এনে বহু ঘটনা মণিপুৰত ঘটি গৈছে। উত্তৰ পূৰ্বাঞ্চলত এই ধৰণৰ ঘটনা সংঘটিত হ'লেই দিল্লীয়ে চকু মুদি দিয়ে। তাৰ শেহতীয়া উদাহৰণ মণিপুৰ।
এতিয়া প্ৰশ্ন হয় মণিপুৰৰ দায়িত্ব দিল্লীয়ে নল'লে ল'ব কোনে? ডাৱল ইঞ্জিনৰ চৰকাৰ থকা বুলি কোৱাসকলে মণিপুৰবাসীক নিৰাপত্তা দিব নোৱাৰিলে কাৰ ওচৰত মণিপুৰবাসীয়ে নিৰাপত্তা বিচাৰি যাব? এই ক্ষোভ আৰু সংঘাতৰ কাৰণ কি?


 

Category
Profile picture for user UB Photos