দেশবাসীৰ বাবে সুখবৰ! মহাকাশযান চন্দ্ৰযান-৩ৰ চন্দ্ৰ অভিমুখে আন এক সফলতা........

chandrayan

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা দেশবাসীৰ বাবে এক সুখবৰ। বহু প্ৰত্যাশিত মহাকাশযান চন্দ্ৰযান-৩ য়ে ইতিমধ্যেই চন্দ্ৰ অভিমুখে গতি কৰিছে । চন্দ্ৰযান-৩ য়ে চন্দ্ৰ অভিমুখে তৃতীয়টো কক্ষপথৰ যাত্ৰা সফলতাৰে সম্পন্ন কৰি চতুৰ্থতো কক্ষপথত প্ৰৱেশ কৰিছে।

আনহাতে, বৃহস্পতিবাৰে এক টুইটযোগে ইচৰোই ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ এই উল্লেখযোগ্য পৰিঘটনাৰ কথা সদৰি কৰে। আৰ্থ ৱাওণ্ড পেৰিজি ফায়াৰিং ৰুপে পৰিচিত কক্ষপথত প্ৰৱেশ কৰা এই কৌশলটো বাংগালুৰোৰ ইচৰো টেলিমেত্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ দ্বাৰা সফলতাৰে সম্পন্ন কৰা হয় আৰু এই কৃতিত্বই চন্দ্ৰযান-৩ক ইয়াৰ চূড়ান্ত গন্তব্যৰ দিশে আৰু এখোজ আগুৱাই নিয়ে।

chandrayan

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় মহাকাশ গৱেষনা সংস্থাটোৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা খবৰ অনুসৰি অহা ২৫ জুলাইৰ বিয়লি ২ৰ পৰা ৩ বজাৰ ভিতৰত সংস্থাটোৱে পঞ্চমতো কক্ষপথত প্ৰৱেশৰ বাবে পুনৰ এই কৌশল প্ৰয়োগ কৰিব।

যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা চন্দ্ৰযান-৩ মহাকাশযানখনে দ্বিতীয়টো কক্ষপথৰ যাত্ৰা সফলতাৰে সম্পন্ন কৰাৰ খবৰ যোৱা দেওবাৰে এক টুইটযোগে দেশবাসীক জনাইছিল ইচৰোৰ কতৃপক্ষই। এই মহাকাশযান খনে কঢ়িয়াই নিয়া বিক্ৰম লেণ্ডাৰে অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থাটোৱে।

Category
Profile picture for user UB Photos